অসম আৰক্ষীৰ তথাকথিত এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজনিত আবেদন(পিআইএল)
শেহতীয়াকৈ অসম আৰক্ষীৰ দ্বাৰা এনকাউন্টাৰৰ ঘটনা ভয়াৱহ ভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি গৌহাটি উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত মোকৰ্দমা (পিআইএল) আবেদন দাখিল কৰা হৈছে ৷
দিল্লীৰ এজন অধিবক্তা আৰিফ জৱাড্ডাৰৰ দ্বাৰা এই আবেদন দাখিল কৰা হৈছে ৷ অসম আৰক্ষীৰ দ্বাৰা শেহতীয়াকৈ সংঘটিত হোৱা এনকাউন্টাৰ সমূহক ভুৱা এনকাউন্টাৰ আখ্যা দি এই সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ দৰে এটা স্বতন্ত্ৰ সংস্থা নতুবা উচ্চ ন্যায়ালয়ৰ অধীনৰ বিশেষ তদন্তকাৰী দ’ল অথবা আন ৰাজ্যৰ আৰক্ষীৰ দ্বাৰা তদন্ত বিচাৰিছে অধিবক্তা আৰিফ জৱাড্ডাৰে ৷
তেওঁৰ দ্বাৰা কৰা আবেদনত ভুৱা এনকাউণ্টাৰ হত্যাকাণ্ডৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত এটা অপৰাধৰ বাবে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ লগতে, আবেদনখনত অভিযোগ কৰা হৈছে যে ২০২১ চনৰ মে’ মাহৰ পৰা আজিলৈকে অসম আৰক্ষী আৰু অভিযুক্তৰ মাজত ৮০ টাতকৈও অধিক ভুৱা সংঘৰ্ষ সংঘটিত হৈছে।
আবেদনকাৰীয়ে ইয়াৰ আগতে 10 জুলাই, 2021 তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত ই-মেইলযোগে এটা অভিযোগ দাখিল কৰিছিল আৰু এই সন্দৰ্ভত ক্ষীপ্ৰ তদন্তৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনাইছিল ৷
উল্লেখযোগ্য যে, উক্ত আবেদনত ভুৱা এনকাউন্টাৰত নিহত হোৱা ভুক্তভোগীৰ পৰিয়ালক সন্মানজনক সাহাৰ্য আৰু সহায় আগবঢ়োৱাৰো দাবী জনাইছে অধিবক্তা আৰিফ জৱাড্ডাৰে৷