প্ৰকৃতিক অধিক সেউজীয়া কৰি জীপাল কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে আহ্বান জনাইছে অৰণ্য মানৱ যাদৱ পায়েঙে।প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে প্ৰকৃতিক বচাবলৈ বিশ্বৰ সকলো দেশৰ নেতৃত্বলৈ অনুৰোধ জনাইছে অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙে।
অৰণ্য মানৱ যাদৱ পায়েঙে পৃথিৱীৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কৰ ব্ৰেণ্ড এম্বেচাদৰৰ সন্মুখত এই প্ৰস্তাৱ উৎথাপন কৰিছে।অৰণ্য মানৱ যাদৱ পায়েঙে কয় যে,”লকডাউনৰ সময়ছোৱাত মই মোৰ হাবিত জীৱ-জন্তু,চৰাই-চিৰিকতিসমূহৰ মাজত বহু পৰিৱৰ্তন দেখিবলৈ পাইছিলো।
প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখি পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিয়াটো অতিকৈ প্ৰয়োজনীয়।মই ইতিমধ্যে এই প্ৰস্তাৱটো ইউনেস্কৰ ব্ৰেণ্ড এম্বেছাদৰৰ সন্মুখত উৎথাপন কৰিছো।”