বিগত দুইবছৰ পূৰ্বৰে পৰা এটা বিশেষ চক্ৰই হল্টুগাঁও বনাঞ্চলিক ক্ষেত্ৰত আৰু ৰাইমানা অভয়াৰণ্যত প্ৰচুৰ পৰিমানে গছ কাটি থকাৰ উপৰিও কিছু কিছু বনাঞ্চলত অসমৰে খিলঞ্জীয়া মানুহে অবৈধভাৱে বেদখল কৰি আছে, চৰকাৰে তেওঁলোকক অন্য ঠাইত সংস্থাপিত কৰিব আৰু ৩০০০ হেক্টৰ ভূমিত ধাৰাবাহিক বৃক্ষৰোপন কৰা হ’ব, এই মন্তব্য ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।
কোকৰাঝাৰৰ BTC সচিবালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, বনবিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছতে উক্ত মন্তব্য আগবঢায়।
বন আৰু পৰিৱেশক সুৰক্ষা দিয়াৰ উদ্দেশ্যৰে আজি BTC সচিবালয়ৰ প্ৰেক্ষাগৃহত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমানা অভয়াৰণ্যক অধিক উন্নত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰে যৌথভাৱে বনাঞ্চলৰ সুৰক্ষা, উন্নয়ন নিশ্চিত কৰাৰ লগতে বনানিকৰণক অধিক গুৰুত্ব দিয়া হব বুলি সদৰি কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে।