০৪ জুলাই, গুৱাহাটী – গুৱাহাটীত আৰম্ভ হ’ল অসমৰ প্ৰথমটো প্লাজমা বেংক। স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই প্লাজমা বেংকটোৰ শুভাৰম্ভ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা প্লাজমা বেংকত প্ৰথমবাৰৰ বাবে প্লাজমা দান কৰিলে চিকিৎসক ডাঃ লিথিকেশ দাসে।
Glad to share that we've started a #PlasmaBank at GMCH. The first convalescent donor is a doctor himself, a #COVID19 patient. My gratitude to Dr Lithikesh for donating his plasma, and to the team who is working on this bank.
I encourage cured patients to come forward & donate. pic.twitter.com/VJKa0qZjy9
— Himanta Biswa Sarma (@himantabiswa) July 3, 2020
উল্লেখ্য যে, অসমত প্ৰথমগৰাকী চিকিৎসক ক’ৰোনা ৰোগী আছিল ডাঃ লিথিকেশ দাস। তেওঁ জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক। ইফালে এই প্লাজমা বেংকতো শুভাৰম্ভ কৰাৰ পাছতে ইতিমধ্যে কোৰোনাৰ পৰা আৰোগ্য হোৱা লোকসকলক আগুৱাই আহি প্লাজমা দান কৰাৰ বাবে আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।