প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত বুধবাৰে বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। দেশত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোভিডৰ অমিক্ৰন প্ৰকাৰৰ সংক্ৰমণৰ বিষয়টো এই কেবিনেট বৈঠকত আলোচনা কৰা হ’ব।
আনহাতে সমাগত দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন। এই ৫ ৰাজ্যৰ নিৰ্বাচনৰ বিষয়েও কেবিনেটত আলোচনা কৰা হ’ব। বিশেষকৈ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বিষয়টোক অধিক প্ৰাধান্য দিয়া হ’ব। একেদৰে পথ পৰিৱহণ আৰু ঘাইপথ, অসামৰিক আৰু টেলিকম বিভাগৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ’ব।
উল্লেখ্য যে, দেশত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে।