ক’ৰোনাৰ সন্ত্ৰাসৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে।
যিসমূহ ৰাজ্যত আটাইতকৈ অধিক সংক্ৰমিত হৈছে সেইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহে বৈঠকত।
এই বৈঠকত উপস্থিত আছিল মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱালো।
এই সময়ছোৱাতে মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰধানমন্ত্ৰীক ক’লে যে,
ক’ৰোনা ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হোৱা বাবে যথেষ্ট সমস্যা হ’ব পাৰে, এইসমূহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাষ্ট্ৰীয় যোজনাৰ আৱশ্যক।
দিল্লীয়ে কম মাত্ৰাত অক্সিজেন লাভ কৰিছে।
লগতে তেওঁ এখন দেশৰ এটা ভেকচিনৰ মূল্যৰ কথাও কয়।
মুখ্যমন্ত্ৰী কেজৰিৱালৰ সম্পূৰ্ণ ভাষণ LIVE টেলিকাষ্ট কৰা হ’ল।
ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খোদ আপত্তি দৰ্শাই আৰু বৈঠকত ক’লে যে, এয়া প্ৰট’কলৰ উলংঘন।
প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে, ”এয়া প্ৰট’কলৰ বিৰুদ্ধে হৈ আছে যে কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই হাউছ মিটিঙত লাইভ টেলিকাষ্ট কৰক।
এয়া উচিত নহয়। আমি প্ৰট’কলৰ পালন কৰিব লাগে।”
ইয়াৰ পিছত মুখ্যমন্ত্ৰী কেজৰিৱালে ক’লে যে,”ঠিক আছে ছাৰ, আমি আগলৈ এইটো ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিম।”
ইফালে কেন্দ্ৰ চৰকাৰৰ সূত্ৰই ক’লে, ‘‘কেজৰিৱালে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ মাজত হোৱা বৈঠকখনৰ ব্যৱহাৰ ৰাজনীতিত কৰিছে।’’
কেন্দ্ৰৰ এক সূত্ৰই জনোৱা অনুসৰি,
‘‘তেওঁ অক্সিজেন আকাশ মাৰ্গেৰে অনাৰ বিষয়টো উত্থাপন কৰে,
কিন্তু তেওঁ নাজানে যে এই প্ৰক্ৰিয়াই চলি আছে।”
সূত্ৰই ক’লে যে, কেজৰিৱালে জানে যে,
কেন্দ্ৰই টীকাৰ এটা পালিও নিজৰ লগত নাৰাখে আৰু ৰাজ্যসমূহৰ সন্মুখতে এই কথা প্ৰকাশ কৰে,
কিন্তু তেওঁ টীকাৰ মূল্যক লৈও মিছা অপপ্ৰচাৰ চলালে।
প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰশ্ন সোধাত কেজৰিৱালে কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে।
কেন্দ্ৰৰ আপত্তিৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে স্পষ্টীকৰণ দিলে।
CMOয়ে ক’লে য়ে, আজি মুখ্যমন্ত্ৰীৰ সম্বোধনৰ লাইভ শ্বেয়াৰ কৰা হ’ল কাৰণ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা কেতিয়াও কোনো নিৰ্দেশনা, লিখিত বা মৌখিকভাৱে অহা নাছিল যে আলোচনাৰ লাইভ কৰিব নালাগে।
যদি কিবা অসুবিধা হৈছে আমি এই কথাটোৰ বাবে যথেষ্ট দুঃখিত।
চাওক VIDEO
Photo: Google