চলিত বৰ্ষৰ ২৪ মাৰ্চত লখিমপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত সগৌৰৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে,
বিগত ৫ বছৰত অসমৰ ১৫,০০০ কিঃমিঃ গ্ৰামীণ পথ নিৰ্মাণ হৈছে। কিন্তু তেওঁৰ দাবী মিছলীয়া।
বিজেপি চৰকাৰে ২০১৬ৰ পৰা ২০২১ৰ ভিতৰত ১২,৭৪১ কিঃমিঃ গ্ৰাম্য পথহে নিৰ্মাণ কৰিছে,
এই সকলো চৰকাৰী তথ্য Pradhan Mantri Gram Sadak Yojana(PMGSY)ত উপলব্ধ।
চৰকাৰী তথ্য অনুসৰি, ২০২০-২১ত PMGSYৰ আওতাধীন পথৰ লক্ষ্য দৈৰ্ঘ্য আছিল ২,৮৭৪ কিঃমিঃ।
কিন্তু বৰ্তমানলৈ মুঠ ২,২৫১ কিঃমিঃহে সম্পূৰ্ণ হৈ উঠিছে।
২০১৯-২০ৰ ভিতৰত লক্ষ্য আছিল ৫,২৩০ কিঃমিঃ, কিন্তু ৩,৬৪৬ কিঃমিঃ পথহে সম্পূৰ্ণ হৈছিল।
২০১৮-১৯ত লক্ষ্য আছিল ৫,০০০ কিঃমিঃ, কিন্তু নিৰ্মাণ হ’ল ৪,২৯৫ কিঃমিঃহে।
ইফালে ২০১৭-১৮ত লক্ষ্য আছিল ২ হাজাৰ কিলোমিটাৰ কিন্তু সম্পূৰ্ণ হৈ উঠিল মাত্ৰ ১,৬১৮ কিঃমিঃ পথহে।
কিন্তু ব্যতিক্ৰম হ’ল ২০১৬-১৭ বৰ্ষতে কাৰণ সেই বৰ্ষতে বিজেপিয়ে জয় কৰিছিল ৰাইজৰ মন, জয়ী হৈছিল নিৰ্বাচনত।
নিৰ্বাচনত জয়ী হোৱাৰ পিছত এবছৰৰ বাবে তেওঁলোকে দেখালে চমক।
২০১৬-১৭ বৰ্ষত বিজেপিয়ে লক্ষ্য কৰি লৈছিল ৭৫০ কিঃমিঃ কিন্তু সম্পূৰ্ণ কৰিছিল ৯২৯ কিঃমিঃ।
PMGSY আঁচনি উব্ধোধন কৰা হৈছিল প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে।
২০০০ত এই আঁচনি মুকলি কৰা হৈছিল।
নৰেন্দ্ৰ মোদীয়ে লগতে এইটো দাবী কৰিছিল যে, বিগত ৭০ বছৰত (১৯৪৭-২০১৬), পূৰ্বৰ চৰকাৰৰ দিনত ৰাজ্যত কেৱল ১৩,০০০ কিঃমিঃহে নিৰ্মাণহে সম্পূৰ্ণ হৈ উঠিছিল।
কিন্তু ২০০০ বৰ্ষত PMGSY আঁচনি মুকলি হোৱাৰ পিছত জানিব পৰা গ’ল যে, ১৩,০৭০ কিঃমিঃ পথ নিৰ্মাণ হৈছে ২০১৬ বৰ্ষত।
এই সম্বন্ধীয় তথ্য উপলব্ধ PMGSY ৱেবছাইটত। সেয়েহে তেখেতৰ মন্তব্য সঁচা নহয় বুলি অভিযোগ উত্থাপন হৈছে।
অসমৰ স্থানীয় সংবাদমাধ্যমে দাঙি ধৰিছে বিজেপিৰ ফোপোলা স্বৰূপ।
পথসমূহৰ দুৰাৱস্থাৰ বিষয়ে বহলভাৱে সমালোচনা কৰা দেখা গৈছে এই সংবাদ মাধ্যমসমূহতে।
ইয়াৰ পিছত আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো দাবী।
এই দাবী অনুসৰি ৭০০ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ হৈছে লখিমপুৰত।
কিন্তু চৰকাৰী তথ্য অনুসৰি ২০১৬-১৭ আৰু ২০১৮-১৯ত কেৱল ৩৯৩ কিঃমিঃ পথহে সম্পূৰ্ণ হৈ উঠিছে।
ইফালে সেই একেখন ৰেলীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দাবীও কৰিছিল যে,
তেওঁৰ চৰকাৰে ২০১৬ৰ পৰা অসমত ৮খন মেডিকেল কলেজ নিৰ্মাণ কৰিছে।
কিন্তু মোদী চৰকাৰৰ দিনত এখনো কলেজ নিৰ্মাণ হোৱা নাই।
গতিকে মোদীৰ এই দাবীও মিছলীয়া।
অৱেশষত এটা কথাটো নকয় নোৱাৰি যে,
নৰেন্দ্ৰ মোদীয়ে যিমানেই চিঞৰি চিঞৰি নিজৰ চৰকাৰৰ প্ৰশংসা নকৰক কিয়,
প্ৰকৃত তথ্য ৰাইজে এদিন হ’লেও প্ৰত্যক্ষ কৰিব বা তেওঁ দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ ফল ৰাইজে এদিন হ’লেও সুতে-মূলে ওলাব।
Photo: Google