দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
তাৰ প্ৰতি লক্ষ্য ৰাখি কালি নিশা ৮বাজি ৪৫ মিনিটৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন জনায় ।
লগতে কয় যে ক’ৰোনাৰ বিৰুদ্ধে দেশে বৃহৎ যুজঁ দিছে।
বৰ্তমান ক’ৰোনাৰ দ্বিতীয় ঢৌ ধুমুহাৰ দৰে আহিছে।
যিসকল লোকে বিগত দিনত নিজৰ আত্মীয়ক হেৰুৱাইছে সেইসকলক মই সমবেদনা জ্ঞাপন কৰিছো
লগতে পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আত্মীয়ক হেৰুওৱা দুখত সমভাগী হৈছোঁ।
দেশবাসী পুনৰ এক জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে
সেয়ে আমি সকলোৱে মিলি ধৈৰ্য ,সাহস আৰু প্ৰস্তুতিৰে এই সময় অতিবাহিত কৰিব লাগিব।
লগতে দেশৰ চিকিৎসক ,স্বাস্থ্যকৰ্মী,চাফাই কৰ্মী,আৰক্ষী,এম্বুলেন্স কৰ্মী আদিক ধন্যবাদ জ্ঞাপন কৰি কয় যে
ক’ৰোনাৰ প্ৰথম ঢৌৰ পৰাই এইসকল ব্যক্তিয়ে নিজৰ জীৱনৰ সুখ চিন্তা আৰু পৰিয়ালৰ কথা পাহৰি আনৰ জীৱন বচোৱাৰ বাবে দিনে নিশাই কাম কৰি আহিছে।
শাস্ত্ৰত উল্লেখ আছে কঠিনৰো কঠিন সময়ত ধৈৰ্য্য হেৰুৱাব নালাগে।
সেয়েহে ধৈৰ্য্য ধৰি আমি কঠিনৰো কঠিন পৰিস্থিতিৰ লগত যুজঁ দিব লাগিব তেতিয়াহে আমাৰ জয় নিশ্চিত হব।
দেশত বৰ্তমান অক্সিজেনৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।
অক্সিজেনৰ যোগান আৰু উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত আছে।
লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতত ঔষধৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু ঔষধৰ কোম্পানীৰ মুৰব্বী সকলৰ উৎপাদন বৃদ্ধিৰ বাবে আলোচনা কৰা হৈছে।
বিশ্বৰ ভিতৰতে কম দামত ক’ৰোনা প্ৰতিষেধক উৎপাদন কৰিছে ভাৰতে।
ক’ৰোনাৰ প্ৰথম পৰ্যায়তে ভাৰতত ক’ৰোনাৰ প্ৰতিষেধকৰ কাম আৰম্ভ হৈছিল।
এতিয়ালৈকে দেশত ১২ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে।
আগন্তুক ১ মে’ৰ পৰা ১৮ বছৰৰ ঊৰ্ধৰ ব্যক্তিকো প্ৰদান কৰা হব ক’ৰোনা প্ৰতিষেধক।
দেশৰ অৰ্থনৈতিক কাম কাজ অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰি তেওঁ জনাই যে
ক’ৰোনা ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে অৰ্থনৈতিক কাম কাজ আৰু জীৱন নিৰ্বাহত কম প্ৰভাৱ পেলাই তাৰ প্ৰতি মনোযোগ দিব লাগিব।
লকডাউনৰ পৰা বচাই ৰাখিবলৈ ক’ৰোনা সংক্ৰমণৰ অন্তিম বিকল্প হিচাপেহে লকডাউন দিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰক।
দেশবাসীক সম্বোধন কৰি শেষত দেশৰ শিশু সকললৈ আহ্বান জনায় যে স্বচ্ছ ভাৰত অভিযানৰ সময়ত তেওঁলোকে যেনেকৈ পৰিয়ালৰ সদস্যক বুজাইছিল
এইবাৰো বুজাওক যাতে বিনা কামত পৰিয়ালৰ কোনো সদস্য ঘৰৰ পৰা ওলাই নাহে।
লগতে যুৱ প্ৰজন্মলৈ আহ্বান জনায় কয় যে নিজৰ নিজৰ চুবুৰিত ক’ভিড অনুশাসন পালন কৰিবলৈ চুবুৰীয়াক সহায় কৰক।
এনেকৈ সকলো নীতি নিয়ম মানি চলিলে আমি অতি সহজে বিপদৰ পৰা মুক্ত হব পাৰিম।
Photo Credit: Google