আজি পুৱা ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম।
ৰিখটাৰ স্কেলত প্ৰায় ৬.৪ প্ৰাৱল্যৰ ভূমিকম্পৰ পিছতে অসমৰ ভিন্ন স্থানত বিভিন্ন ক্ষয়-ক্ষতি হোৱা দেখা গৈছে।
অসমত হৈ যোৱা ভূমিকম্পৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰে সৈতে অসমৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়।
এই কথা টুইটযোগে প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Spoke to Assam CM Shri @sarbanandsonwal Ji regarding the earthquake in parts of the state. Assured all possible help from the Centre. I pray for the well-being of the people of Assam.
— Narendra Modi (@narendramodi) April 28, 2021
লগতে তেওঁ জনাই যে অসমবাসীক ইয়াৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা প্ৰদান কৰিব ।
ৰাজ্যবাসীৰ বাবে প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এক টুইটযোগে অসমবাসীক প্ৰধানমন্ত্ৰীৰে ফোনযোগে হোৱা বাৰ্তালাপৰ কথা জানিবলৈ দিয়ে।
PM Shri @narendramodi ji has taken stock of the damage due to the earthquake over phone with me and has assured all support to Assam. Thank you Hon'ble Prime Minister sir.
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) April 28, 2021
লগতে অসমবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।