অসম বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী।
নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ আগমণ ঘটিছে ইজনৰ পিছত সিজন কেন্দ্ৰীয় মন্ত্ৰী-নেতাৰ।
চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰা হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত।
প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে ঢেকিয়াজুলিত উপস্থিত হৈ প্ৰস্তুতি নিৰীক্ষণ কৰিছে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি বিজেপিৰ নেতা-বিধায়কসকলে।
উল্লেখযোগ্য যে, দেওবাৰে শোণিতপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভা সম্বোধন কৰাৰ লগতে দুখনকৈ দলঙৰ আধাৰশিলাও উদ্বোধন কৰিব।
উল্লেখ্য, প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে গাভৰু নৈৰ বলুকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চিত্ৰ অংকণ কৰি ঢেকিয়াজুলিলৈ আদৰণি জনালে এগৰাকী ভাস্কৰ্য শিল্পীয়ে।
কুলেশ দাস, ঘনশ্যাম নেপাল, যীচু হাজৰিকা, ৰঞ্জন দাহাল, পৰেশ নাথ, যুগল নাথ আৰু জিতুমণি দেৱীক সহযোগী হিচাপে লৈ ঢেকিয়াজুলিৰ এগৰাকী ভাস্কৰ্য শিল্পী ৰঞ্জন শইকীয়াই অংকন কৰিছে প্ৰধানমন্ত্ৰীৰ এক প্ৰতিচ্ছবি ।