আজি সন্ধিয়া ৫ বজাত সমগ্ৰ দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক বিনামূলীয়া ভেকচিন প্ৰদান কৰাৰ লগতে দীপাৱলীলৈ দেশৰ ৮০ কোটি জনতাক প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেচন।
তেওঁ ভাষণত কয় যে, দেশত ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে ঢাপলি মেলাৰ পিছত মে’ আৰু জুন মাহলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হৈছিল। কিন্তু ক’ৰোনাৰ মাৰাত্মক ৰূপটোক লক্ষ্য কৰি এই আঁচনিক আগবঢ়াই লৈ যাব কেন্দ্ৰীয় চৰকাৰে।
দেশৰ কোনো লোক যাতে ভোকত থাকিবলগীয়া নহয় তাৰ বাবে ৮০ কোটি ৰাইজক প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেচন। ভাৰতত সফলভাৱে ক’ৰোনাৰ টীকাকৰণ চলিব।
তেওঁ লগতে কয় যে, ভেকচিন আমাৰ বাবে সুৰক্ষা কৱচ। মেক ইন ইণ্ডিয়াৰ দুটাকৈ ভেকচিন মুকলি কৰা হৈছে। দেশত বৰ্তমানলৈকে ২৩ কোটিতকৈ অধিক লোকক ভেকচিনৰ টীকা প্ৰদান কৰা হৈছে।
Photo: Google