দেশত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে।
বৰ্দ্ধিত ক’ৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় মন্ত্ৰী সমূহলৈ গুৰুত্বপূৰ্ণ আহ্বান।
দেশৰ সকলো কেন্দ্ৰীয় মন্ত্ৰীকে ক’ৰোনা সংকটৰ সময়ত নিজ নিজ অঞ্চল সমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
কালি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় কেবিনেটৰ সৈতে হোৱা এক বৈঠকত এই নিৰ্দেশ প্ৰদান কৰে।
লগতে জনাই যে কেন্দ্ৰীয় মন্ত্ৰী সকলে নিজ নিজ অঞ্চল সমূহৰ জনসাধাৰণক সহায় কৰাৰ উপৰিও তেওঁলোকৰ পৰা সকলো পৰিস্থিতিৰ সম্পৰ্কে তথ্য সংগ্ৰহ কৰিব লাগিব।
আৰু এনেদৰে সকলো একগোট হৈ কাম কৰিলেহে সমস্যাৰ সমাধান হ’ব বুলি জানিবলৈ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Photo Credit : Google