দেশত তীব্র গতিত বৃদ্ধি পাইছে মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ।
আজি দিল্লীস্থিত এইমছত ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধকৰ দ্বিতীয় ডোজ ল’লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
যোৱা ১ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী গৰাকীয়ে লৈছিল ক’ৰোনাৰ প্ৰতিষেধকৰ প্ৰথমটো ডোজ।
আৰু আজি অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰতিষেধকৰ দ্বিতীয় ডোজ গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে।
তাৰ উপৰি তেওঁ জানিব দিয়ে যে ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা দেশৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী সকলোক ক’ৰোনাৰ প্ৰতিষেধক প্ৰদান কৰা হব।
Photo Credit: Google