দেশত ক’ৰোনা সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে এক গুৰুত্বপূৰ্ণ বৈঠক।
আজি পুৱা ১০ বজাৰ পৰা আহ্বান কৰা হৈছে এই বৈঠক।
ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰীৰে সৈতে ক’ৰোনা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
তাৰ পিছতে দুপৰীয়া ১২ বজাত দেশৰ অক্সিজেন উৎপাদনকাৰী কোম্পানী সমূহৰ লগতো এক জৰুৰী বৈঠকত মিলিত হব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
During today’s high level meet, we reviewed the situation relating to oxygen supply and ways to further boost oxygen availability in the coming days. https://t.co/ohHZEHotUe
— Narendra Modi (@narendramodi) April 22, 2021
Photo Credit :Google