• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 18, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত আনুষ্ঠানিক ভাৱে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ নিলগৰ পাপুমপাৰে জিলাৰ হোলোংগীত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে নতুনকৈ নিৰ্মাণ কৰা বিমানবন্দৰটো। ইতিমধ্যে অৰুণাচল প্ৰদেশ চৰকাৰে বিমানবন্দৰটোক দয়ী পলো হিচাপে নামাকৰণ কৰিছে আৰু এইটোৱেই হব অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰৰ ওচৰত নিৰ্মাণ কৰা প্ৰথমটো বিমানবন্দৰ। বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ হোৱাৰ পাছত অৰুণাচল প্ৰদেশত বিমান যাতায়তৰ ক্ষেত্ৰখনত এক পৰিবৰ্তন হোৱাটো নিশ্চিত।

উল্লেখযোগ্য যে উত্তৰ পূৱৰ ৰাজ্য সমূহৰ ৰাজধানী চহৰ সমূহৰ সৈতে পোনপটীয়াকৈ বিমান চলাচল কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ কোনো সুবিধাজনক স্থানত এটা পৰিবেশ অনুকূল বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছিল। সেই অনুসৰি ২০১৮ চনত ইটানগৰৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ নিলগৰ পাপুমপাৰে জিলাৰ হোলোংগী গাঁৱত বিমানবন্দৰ নিৰ্মাণ কৰাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰৱৰ্তী সময়ত ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলোংগীত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

ইতিমধ্যে অক্টোবৰ মাহত বিমানবন্দৰত বিমান সেৱা কোম্পানী “ইণ্ডিগ”য়ে ১৮০ খন আসনযুক্ত “এ ৩২০” শ্ৰেণীৰ বিমানৰ সফলতাৰে অৱতৰণ কার্য সম্পূৰ্ণ কৰিছে। প্ৰায় ৬৪৫ কৌটি টকা ব্যয়ৰে ৬৯৪ ,একৰ মাটিত নিৰ্মাণ কৰা বিমানবন্দৰটোৰ ৰাণৱেৰ দৈৰ্ঘ্য হৈছে ২,৩০০ মিটাৰ। তেনেদৰে যাত্ৰীৰ সুবিধাৰ বাবে উন্নত মানৰ টাৰ্মিনেল বিল্ডিং, পাৰ্কিং, বিমান নিয়ন্ত্ৰণ কক্ষ আদি নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰটোৰ পৰা বিমান সেৱা আৰম্ভ হলে অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ সৈতে দেশৰ আন প্ৰান্তৰ পোনপটীয়াকৈ বিমান সংযোগ আৰম্ভ হোৱাৰ লগতে বায়ু যাতায়তৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা আৰম্ভ হব। সমান্তৰালভাৱে উপকৃত হব বিশ্বনাথ, লখিমপুৰকে ধৰি উত্তৰ অসমৰ কেবাখনো জিলাৰ ৰাইজ। কিয়নো অসমৰ সীমান্তৰ গাতে লাগি আছে হোলোংগী বিমানবন্দৰ।

আনহাতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সন্মুখ যোগানিয়ে জানিবলৈ দিয়া মতে বিমানবন্দৰটোত সকলো বতৰতে যাতে সুকলমে বিমান চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণ উপলক্ষে বিমানবন্দৰকে ধৰি তাৰ আশে – পাশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আনকি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ কেবাগৰাকী শীৰ্ষ বিষয়াই হোলোংগী বিমানবন্দৰত বাহৰ পাতি প্ৰধানমন্ত্ৰীয়ে যাতে সুকলমে বিমানবন্দৰটো মুকলি কৰিব পাৰে তাৰ চুড়ান্ত ৰূপ দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

Previous Post

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ “বীৰ লাচিত বৰফুকন” গীত মুকলি

Next Post

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

Related Posts

ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

‘ভাৰত জোড়ো যাত্ৰা’ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

'ভাৰত জোড়ো যাত্ৰা'ত মেধা পাটকাৰৰ অংশগ্ৰহণক লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ!

হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

হিমস্খলনত জম্মু-কাশ্মীৰত ৩ জন সৈনিকৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8