দেশত অ’মিক্ৰণৰ ঘটনা ৩৮৫ লৈ বৃদ্ধি। ক’ভিড পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠকত বহিল কেন্দ্ৰীয় চৰকাৰ।
বৈঠকত ক’ভিড ব্যৱস্থাপনা সম্পৰ্কে আলোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইপিনে প্ৰতিখন ৰাজ্যক অ’মিক্ৰণৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। এটা দিনতে দেশত ৮৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণ। এই ঘটনাৰ পিছতেই চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ। বুধবাৰ পৰ্যন্ত এজন ৰোগী থকা তামিলনাডুত এটা দিনতে ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ অৱস্থিতি।