অনাতাঁৰ শিল্পী, সু-অভিনেতা নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ বুধবাৰে পুৱা ৮-৩০ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ নগাঁও চহৰৰ মাধৱদেৱ পথত থকা বাসভৱনত তেওঁৰ মৃত্যু হয় ৷ তেওঁ চুন্নী ভট্টাচাৰ্য হিচাপেহে পৰিচিত আছিল ৷ সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ভাতৃ আছিল প্ৰয়াত চুন্নী ভট্টাচাৰ্য। মৃত্যুৰ সময়ত নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ বয়স হৈছিল ৮০ বছৰ ৷
নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অগণন লোকৰ সমাবেশ ঘটে বাসভৱনলৈ ৷ উচ্চ শিক্ষা গ্ৰহণ কৰি শিক্ষকতা কৰা চুন্নি ভট্টাচাৰ্যই পিছলৈ অনাতাঁৰ শিল্পী হিচাপে কাম কৰিছিল ৷ শিল্পী পেঞ্চনাৰ ভট্টাচাৰ্য এজন সুদক্ষ অভিনেতাও আছিল৷
বীণাপানী নাট্যমন্দিৰৰে জড়িত থকা নৰেন্দ্ৰ নাথ ভট্টাচাৰ্য অসমীয়া বোলছবি, ধাৰাবাহিক আদিতো অভিনয় কৰিছিল৷ সামাজিক কাম কাজৰ লগতে সততে জড়িত হৈ থকা প্ৰয়াত ভট্টাচাৰ্যই বহু গুনৰ অধিকাৰী আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু পুত্ৰক এৰি থৈ গৈছে।