• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰেলপথত বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰা ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীত গোচৰ বন বিভাগৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 15, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
ৰেলপথত বৈদ্যুতিকৰণৰ কাম আৰম্ভ কৰা ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীত গোচৰ বন বিভাগৰ
Share on FacebookShare on Twitter

আজাৰা ৰেলপথত বিগত সময়ছোৱাত ১৫ টাকৈ বনৰীয়া হাতী আৰু অসংখ্য জীৱ-জন্তুৰ মৃত্যূ হৈছে। আনকি এলিফেণ্ট কৰিডৰকে হাতীসহ বনৰীয়া জীৱ-জন্তুৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্রীয় সেউজ ন্যায়ধীকৰণেও (NGT ) ৰেলৱে কৰ্তৃপক্ষক বৈদ্যুতিকৰণ আৰু ৰেলপথৰ দ্বৈতকৰণৰ কামখিনী দীপৰ বিলৰ পাৰত থকা অংশত চূড়ান্ত সিদ্ধান্ত নোহোৱা পৰ্যন্ত আৰম্ভ নকৰিবলৈ বিগত বৰ্ষত নিৰ্দেশ দিছিল। অৱশ্যে ৰেলৱে কৰ্তৃপক্ষই চলিত বৰ্ষৰ ৩০ এপ্ৰিল আৰু ৩ জুনত বৈদ্যুতিকৰণৰ কাম কৰিব আহিছিল যদিও বন বিভাগৰ বাধাৰ বাবে উভতি যাবলগীয়া হৈছিল। অৰ্থাৎ অসম চৰকাৰৰ বন বিভাগৰ বাধাৰ বাবে যোৱা কেইবামাহ ধৰি ৰেলপথৰ দ্বৈতকৰণকে ধৰি বৈদ্যুতিকৰণৰ কাম বন্ধ হৈ আছিল। কিন্ত NGTৰ নিৰ্দেশনা উলংঘা কৰি আজি পুৱা প্ৰবল বৰষুণক নেওচিও ৰেলৱে সুৰক্ষা বাহিনীৰ (RPF) এটা বিশাল দল লৈ উপস্থিত হয় তিনি শতাধিক শ্ৰমিকসহ উপস্থিত হয় ৰেলৱেৰ অভিযন্তা – বিষয়াৰ দল।

প্ৰবল বৰষুণৰ মাজতো ৰেলৱেৰ ফালৰ পৰা কাম আৰম্ভ কৰাত প্রথমতে দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণকে ধৰি মঞ্চৰ এটা সজাতি দল কাম আৰম্ভ কৰা ( পিলাৰ নং ১৬৪ পৰা পিলাৰ নং ১৬৮ ) শ্ৰী শ্ৰীভাঙাৰা গোঁসাই মন্দিৰৰ সমীপত উপস্থিত হয়। মঞ্চৰ সজাতি দলটোৱে এন জি টিৰ নিৰ্দেশনা অনুসৰি কাম আৰম্ভ নকৰিবলৈ ৰেলৱে কৰ্তৃপক্ষৰ দলটোক অনুৰোধ কৰে যদিও তেওঁলোকে তালৈ গুৰুত্ব নিদি কাম আৰম্ভ কৰে। ইফালে এই সন্দৰ্ভত জানিব পাৰি কিছু নিলগত থকা চকৰদৌত থকা বন বিভাগৰ বন্যপ্ৰাণী শাখাৰ অন্তৰ্গত দীপৰ বিল বন্যপ্ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া ধৰ্মেশ্বৰ দলেৰ নেতৃত্বত এটা বনকর্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ৰেলৱে কৰ্তৃপক্ষক বৈদ্যুতিকৰণৰ কাম বন্ধ কৰিবলৈ আহ্বান জনায়। কিন্ত সেই আহ্বানক নেওচিও ৰেলৱে কৰ্তৃপক্ষই লগত অনা বিশাল আৰ পি এফ বাহিনীৰ সহায়ত গাত খন্দা , খুটা বহুওৱাকে ধৰি বৈদ্যুতিকৰণৰ কাম কৰি থাকে।

অৱশেষত NGTৰ নিৰ্দেশনা উলংঘা কৰি কাম কৰি থকাৰ বাবে বিয়লি বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া ধৰ্মেশ্বৰ দলেয়ে স্থানীয় আজাৰা থানাত ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিলৰ পাছত থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈ সন্ধিয়া নামি অহা বাবে ৰেলৱেৰ দলটো উভতি যায়।

উল্লেখযোগ্য যে, ভাৰতীয় বন্যপ্ৰানী সংস্থাৰ বিশেষজ্ঞৰ “Deepor Beel Railway Track Mitigation Plan, December 2021 অনুসৰি উপযুক্ত ব্যৱস্থা নহোৱালৈকে বৈদ্যুতিকৰণ কাম বন্ধ ৰাখিব লাগিব। কিয়নো ই বনৰীয়া হাতীৰ ক্ষতি সাধন কৰিব আৰু ” Study to assess the Impact of powerlines on Avain species in and around Deepor Beel Ramsar Site, Assam (TR No 2021/12) ত ও উচ্চ ক্ষমতা যুক্ত বিদ্যুত পক্ষীকুলৰ কাৰণে ক্ষতিকাৰক বুলি বিবেচিত হৈছে। ইফালে ৰেলৱে কৰ্তৃপক্ষই বৈদ্যুতিকৰণৰ কাম কৰি থকাৰ মাজতে দীপৰ বিল সুৰক্ষা মঞ্চৰ কৰ্মকৰ্তা সকলে হাতে হাতে বেনাৰ, প্লে – কাৰ্ড লৈ ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মঞ্চৰ কৰ্মকৰ্তা সকলে সদৰি কৰা অনুসৰি এই সমগ্ৰ অঞ্চলত কেবাটাও এলিফেণ্ট কৰিডৰ বা হস্তীৰ দণ্ডী আছে। পৰিবেশ সংবেদনশীল এলেকা হোৱাৰ পিছতো ৰেলৱে কৰ্তৃপক্ষই জোৰকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা কাৰ্যক ধিক্কাৰজনক আৰু নিন্দনীয়। বিগত সময়চোৱাত ৰেলৰ খুন্দাত ১৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ হোৱাৰ লগতে ৰেলৰ খুন্দাৰ পৰা এটা বনৰীয়া হাতীৰ জাকক ৰক্ষা কৰিবলৈ গৈ কেইবছৰমান আগতে কলীয়া বড়ো নামৰ এজন কেজুৱেল বনকর্মীয়ে ৰেলৰ খুন্দাত মৃত্যুক সাৱটি লবলগীয়া হৈছিল।

Previous Post

১৭ জুনত কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ জৰুৰী বৈঠক

Next Post

আজিৰ পৰা বন্ধ হ’ব ইণ্টাৰনেট এক্সপ্ল’ৰাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ পৰা বন্ধ হ’ব ইণ্টাৰনেট এক্সপ্ল’ৰাৰ

আজিৰ পৰা বন্ধ হ’ব ইণ্টাৰনেট এক্সপ্ল'ৰাৰ

প্ৰতি বছৰে ২ কোটি চৰকাৰী চাকৰি!

প্ৰতি বছৰে ২ কোটি চৰকাৰী চাকৰি!

বান্দৰৰ প্ৰজননৰ বাবে নিয়োগ কৰিলে গায়কক

বান্দৰৰ প্ৰজননৰ বাবে নিয়োগ কৰিলে গায়কক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8