বজালী কাণ্ড সন্দৰ্ভত নাম সাঙোৰ খোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত আৰক্ষী-CIDৰ যৌথ অভিযান। এই কাণ্ডৰে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহত মহানগৰ,বজালী আৰক্ষী তথা CIDয়ে যৌথ অভিযান চলায়।
অভিযুক্ত গায়ত্ৰী সোণোৱালৰ স্বামীক লগত লৈ মহানগৰীৰ ছাৰ্ভেত থকা মাতৃ গৃহত দলটোৱে অভিযান চলায়। অভিযানকাৰী আৰক্ষী-CIDৰ দলটোৱে এক গোপন তথ্যৰ ভিত্তিত গায়ত্ৰী সোণোৱালৰ নথি-পত্ৰ বিচাৰি এই অভিযান কাৰ্য চলাই বুলি জানিব পৰা গৈছে।
সন্ধিয়া ৭ বজাৰ পৰা নিশা ৯ বজা পৰ্যন্ত প্ৰায় ২ ঘণ্টাযোৰা এই অভিযান কাৰ্য চলোৱা হয়। গায়ত্ৰী সোণোৱালৰ মাতৃ গৃহ অৰ্থাৎ গুৱাহাটী মহানগৰীৰ ছাৰ্ভেস্থিত জিলমিল পথত থকা ৪ নং গৃহত আৰক্ষী আৰু CIDয়ে এই অভিযান কাৰ্য চলায়।