এখন ফটো, এই ফটোখনে সম্প্ৰতি ছ’চিয়েল মিডিয়াত বহু চৰ্চা লাভ কৰিছে ৷
ফটোখনত দেখা গৈছে ৰাজহুৱা পথত একাংশ লোকে ডাঙৰ ডাঙৰ লোৰ গজাল পুতি আছে ৷
কথা ইমানতে সামৰণি পৰিব লাগিছিল৷ কিন্তু নপৰিল, পথত গজাল পুতি থকা দৃশ্য দেখি দেশৰ বহু সংখ্যক জনতাই ছ’চিয়েল মিডিয়াত চৰকাৰক সমালোচনা কৰিছে ৷
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ গণৰাজ্য দিৱসত দিল্লীত দেশৰ কৃষকে তিনি কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে এক ট্ৰেক্টৰ ৰেলী আন্দোলন গঢ়ি তুলিছিল ৷
আৰু যি আন্দোলনে দেশৰ গণৰাজ্য দিৱসত দিল্লীত এক হিংসাত্মৰূপ ধাৰণ কৰিছিল ৷
উল্লেখ্য, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থানৰ পৰা ইতিমধ্যে লক্ষাধিক কৃষক পুনৰ দিল্লী অভিমুখে ৰাওনা হোৱাৰ এক খবৰ বিয়পি পৰাৰ লগে লগে চৰকাৰে এনে পন্থা হাতত লোৱাৰ লগতে গাজীপুৰ বৰ্ডাৰত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে বুলি জানিব পৰা গৈছে ৷
এনেদৰে বহুস্থানত ৰাস্তাৰ কাষত বাহন চলিব নোৱাৰাকৈ গজাল পুতি প্ৰতিবাদ প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।