লামডিং সংৰক্ষিত বনাঞ্চলৰ চাকমা বস্তিত বৃহস্পতিবাৰে বন মাফিয়া আৰু বন কৰ্মীৰ মাজত এক সংঘৰ্ষ সংঘটিত হয় ৷
জানিব পৰা মতে, বনাঞ্চলৰ চাকমা বস্তিত বন মাফিয়াই গছ কাটি থকাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত এটা বনকৰ্মীৰ দল উপস্থিত হয় ৷
উক্ত স্থানত বন কৰ্মীৰ দল উপস্থিত হোৱাৰ পিছতে ৪জনীয়া বন মাফিয়াৰ দলটোৱে বন কৰ্মীলৈ লক্ষ্য কৰি কেইবাজাই গুলীচালনা কৰে। বন মাফিয়াক প্ৰত্যুত্তৰ জনাই বন কৰ্মীৰ দলটোৱেও গুলীচালনা কৰে ৷
দুগৰাকী বন মাফিয়া পলায়ন কৰিবলৈ সক্ষম হয় যদিও বনকৰ্মীয়ে দুগৰাকী বন মাফিয়াক কৰায়ত্ব কৰে ৷ ধৃত বন মাফিয়া দুগৰাকী ক্ৰমে সঞ্জীত চাকমা আৰু মূল্যবান চাকমা বুলি জানিব পৰা গৈছে।
উল্লেখ্য, বন কৰ্মীৰ দলটোৱে বন মাফিয়া দুজনৰ পৰা গছ কটা মেছিনসহ আন অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।