ৰাজ্যত পুনৰ চিকিৎসকৰ ওপৰত আক্ৰমণ। কেৱল চিকিৎসককে নহয় পত্নীৰ ওপৰতো চলাই আক্ৰমণ।
এই আক্ৰমণত ৰাজনৈতিক নেতা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
হোজাইৰ উদালিৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ ওপৰত আক্ৰমণ কৰা ঘটনা মাৰ যোৱাই নাছিল, এইবাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল দৰঙৰ খাৰুপেটিয়াত।
দৰঙৰ খাৰুপেটিয়াত কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতাই চিকিৎসকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কেৱল চিকিৎসকৰ ওপৰত আক্ৰমণ কৰাই নহয় মহিলাৰ ওপৰতো হাত দিলে এজন যুৱকে।
জানিব পৰা অনুসৰি, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ডাঃ আহমেদ আলী নামৰ চিকিৎসকজনে খাৰুপেটিয়াস্থিত “আফ্ৰিন হেল্থ কেয়াৰ চেণ্টাৰত” ৰোগীক চিকিৎসা প্ৰদান কৰি থকাৰ সময়তে দৰং জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাহুল আমিনে অসুস্থ পৰিয়ালৰ লোকক চিকিৎসা কৰোৱাৰ উদ্দেশ্যে উপস্থিত হয় হাস্পতালখনত।
কিন্তু চিকিৎসা প্ৰদানত কিছু পলম হোৱাত অশ্লীল গালি-গালাজ পাৰাৰ লগতে আক্ৰমণ কৰে চিকিৎসকজনক।
স্বামীক সহায় কৰিবলৈ অহা পত্নীকো আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত।
Photo: প্ৰতীকী ফটো