আজিৰে পৰা দেশত ক’ৰোনা ভেকচিনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে আৰু আজি সৰ্বপ্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনা ভেকচিন লয়।
ইফালে গৃহ মন্ত্ৰী অমিত শ্বাহেও ক’ৰোনা ভেকচিন ল’ব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভেকচিন লোৱাক লৈ ৰাজনীতিও আৰম্ভ হৈ গৈছে।
লোকসভাত কংগ্ৰেছৰ নেতা আৰু পশ্চিমবংগ কংগ্ৰেছৰ অধ্যক্ষ অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰধানমন্ত্ৰীৰ ক’ৰোনা ভেকচিন লগোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
অধীৰে ক’লে যে প্ৰধানমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে।
অধীৰে ক’লে, ”প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কিয় ভেকচিন ল’লে।
যেতিয়া বৈজ্ঞানিকসকলে ক’লে ভেকচিন সুৰক্ষিত, তেতিয়াহে গৈ ল’লে।
প্ৰথমে আমি নহয় বৈজ্ঞানিকসকলৰ কমিটীয়ে প্ৰশ্ন উত্থাপন কৰিছিল। তেতিয়া কিয় নল’লে প্ৰধানমন্ত্ৰী মোদীয়ে, এতিয়া লৈছে যেতিয়া স্বাগতম।”
তেওঁ ক’লে যে ইয়াতো নিৰ্বাচনক গুৰুত্ব দিছে। কেৰেলা আৰু পুডুচেৰীৰ নাৰ্ছ আৰু অসমৰ গামোচা।
মই কও যে পশ্চিমবংগৰ গীতাঞ্জলিও হাতত লৈ ল’লে সকলো হৈ গ’ল হয়।
কিয় আমি অকল প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে, স্বাস্থ্য মন্ত্ৰী আৰু এইমছৰ কৰ্তৃপক্ষৰ প্ৰশংসা কিয় নকৰো, যিসকলে প্ৰথমে লৈছে।
পুৱাই এইমছত উপস্থি হয় প্ৰধানমন্ত্ৰী মোদী, ভেকচিন ল’লে
উল্লেখ্য আজি প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা ৬ বাজি ২৫ মিনিটত দিল্লীৰ এইমছ হাস্পতালত উপস্থিত হৈ ক’ৰোনা ভেকচিনৰ প্ৰথমটো পালি লয়।
আজিৰে পৰা ভেকচিনেচনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। ৬০ ঊৰ্ধৰ লোকৰ টীকাকৰণ হ’ব।
Photo: Google