অতীত হৈ ৰ’ল মহানগৰীৰ অন্যতম জনপ্ৰিয় চিনেমা হ’ল বন্দনা ছবিগৃহ। ছবিগৃহটোৰ দেৱালত পৰিল হাতুৰীৰ কোব। বহু পুৰণি স্মৃতি যেন এতিয়া অতীতৰ গৰ্ভত সোমাই পৰিল। ক’ৰোনাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিল বন্দনা চিনেমা গৃহত। যাৰ বাবে বন্ধ হ’বলৈ ওলাইছে ছবিগৃহটোৰ দুৱাৰ। এসময়ৰ বহু জনপ্ৰিয় অসমীয়া, হিন্দী আৰু ইংৰাজী চিনেমা প্ৰদৰ্শনৰ সাক্ষী হৈ আছিল ছবিগৃহটো।
ক’ৰোনাৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰশাসনে জাৰি কৰা সান্ধ্য আইনৰ কবলত পৰি গুৱাহাটীৰ জনপ্ৰিয় ছবিগৃহ বন্দনা যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। ক’ৰোনা কালত বহু সময় ধৰি অন্য ছবি গৃহসমূহৰ দৰে বন্দনা চিনেমা গৃহও বন্ধ হৈ থকা বাবে ইয়াৰ কৰ্তৃপক্ষ সন্মুখীন হৈছিল লোকচানৰ। আৰ্থিকভাৱে জুৰুলা হৈ পৰা স্বত্বাধিকাৰীজনে উপায়হীন হৈ ছবিগৃহটো ভাঙি শ্বপিং মল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া ‘বন্দনা’ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা মাথো নাম হৈ ৰ’ব।