বিশ্বনাথ জিলাত আজিৰে পৰা গাহৰি মাংসৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আফ্ৰিকান ছোৱাইন ফ্লুৰ সংক্ৰমণৰ বাবেই এই নিষেধাজ্ঞা প্ৰদান কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। প্ৰায় ৬৬ খন গাঁৱত আফ্ৰিকান ছোৱাইন ফ্লু ধৰা পৰাত প্ৰশাসনে মৃত বা জীৱিত গাহৰি সৰবৰাহ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা পালন কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে।
অৱশ্যে ঘোষিত সংক্ৰমিত অঞ্চলৰ মাজেৰে জন্তুৰ (গাহৰি) বাহনৰ চলাচল কৰিব পাৰিব যদিও পশু চিকিৎসা কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা চেনিটাইজেচন প্ৰমাণপত্ৰৰ অবিহনে নমাব নোৱাৰিব।
আনহাতে কোনো ব্যক্তিয়ে আফ্ৰিকান ছোৱাইন ফিভাৰৰ দ্বাৰা সংক্ৰমিত বা সন্দেহ কৰা কোনো গাহৰি ৰাজহুৱা স্থানলৈ অনাৰ চেষ্টা নকৰিবলৈও নিৰ্দেশটোত কোৱা হৈছে।