অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ এক কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে এই উৎসৱ। উক্ত দিনটোতেই আগন্তুক বৰ্ষৰ বাবে পূৰ্বৰ পৰা চলি অহা জনগোষ্ঠীয় নীতি পৰম্পৰাৰে কঠিয়া ৰোপণ কৰে কৃষক সমাজে লগতে পূৰ্বপুৰুষসকল স্মৰণ কৰি আগন্তুক খেতি- খোলা যাতে সুন্দৰ হৈ পৰে তাৰ বাবে নেদেখাজনৰ চৰণত সেৱা জনায়।
টীয়কৰ বানেগৰকা জাঁজীমুখৰ বৰমথাউৰি গাঁৱতো এই উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে।গাঁওখনৰ পুৰুষ মহিলা ডেকা গাভৰু সকলো ব্যস্ত হৈ পৰিছে আপোন বিহুটিক আদৰিবলৈ।বছৰটোৰ অধিকাংশ সময়ে বান গৰাখহনীয়া সমস্যাৰ মাজত জীৱন অতিবাহিত কৰা এইসকল গঞাঁই আপোন উৎসৱটি আদৰিবলৈ সকলো ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে।
যুৱতীসকলে তাঁতত চেনাইলৈ বৈছে জনগোষ্ঠীয় কাপোৰ,পৰ আপিং,চাই আপোং আদি পম্পৰাগত খাদ্য প্ৰস্তুতত ব্যস্ত হোৱাৰ সমান্তৰালকৈ যুৱক সকলো মৰংঘৰ,কঠিয়নী আদি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে।ইপিনে কামৰ মাজতে ঐনিতমৰ সুৰ জুৰি গোমৰাক নৃত্যৰে আনন্দ কৰিছে এইসকল যুৱকযুৱতীয়ে।
ইপিনে,ধেমাজি জিলাৰ জোনাইত মিচিং গাঁৱসমূহতো এতিয়া উখল-মাখল পৰিৱেশ। ফাগুণৰ বতৰালৈ পলাশ ফুলিছে, শিমলু ফুলিছে। ওমৰাগৰ চন্দৰে জীপাল হৈ উঠিছে প্ৰতিখন মিচিং গাঁও। ফাগুণে লৈ আনিছে আলি আয়ে লৃগাঙৰ বতৰা। ফাগুণৰ প্ৰথমটো বুধবাৰত ভূমিপুত্ৰ মিচিংসকলে উদযাপন কৰিব মিচিংসকলৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং।
মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচা বুজায় ৷
সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে ৷ মিচিংসকলে বিশ্বাস কৰে যে – দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ’ব; তেতিয়া শস্যৰ উৎপাদন নহ’ব ৷ সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে ৷ এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। ইফালে ফাগুণৰ প্ৰথমটো বুধবাৰৰ দিনটো মিচিংসকলৰ কৃষি ভিত্তক উৎসৱ আলি আঃয়ে লিগাং উদযাপনৰ বাবে জোনাইৰ ঐৰামঘাট, কেমি,পূৰণা জেলম,লেকু, তৰাজান, মহমহৰা, ৰতকে , কুলি গাও, আৰিমৰা, জোনকাৰেং, বিজয়পুৰ, গালী , লাইমেকুৰী ডেকাপাম, তেলাম চমকং আদি মিচিং গাও সমূহত অব্যাহত ৰাখিছে ব্যাপক প্রস্তুতি।
মিচিং দৃবৌ কেবাং চমকং আঞ্চলিকৰ উদ্যোগত আৰু বিভিন্ন মিচিং জাতীয় সংগঠনসমূহৰ সহযোগত যোৱা প্ৰায় এপষেক পূৰ্বৰ পৰাই মিচিং গোমৰাগ নৃত্য প্রশিক্ষণ আৰু আখৰাৰ লগতে ঢোল বাদন, ঐনিতম, কাবান আদি আখৰাত ব্যস্ত হৈ পৰিছে মিচিং ডেকা-গাভৰুসকলে। ককালত টঙালি বান্ধি মিচিংসকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আ:য়ে লৃগাঙক আদৰিবলৈ মিচিং গাঁওসমূহত ব্যপক প্ৰস্তুতি চলিছে ।
অসমৰ লগতে অৰুণাচলৰ মিচিং বসতি প্ৰধান অঞ্চলসমূহত এই উদ্দেশ্যে ডেকা- গাভৰুসকলে তেওঁলোকৰ পৰম্পৰা প:ৰ আপং(চাই আপং) বনোৱা, নৈ বিলত মাছ ধৰা, তৰা পাত কাটি আনি পুৰাং আপিন বনোৱা, মাছ শুকুৱা আৰম্ভ কৰিছে। তদুপৰি মিচিং গাঁওসমূহত আলি আ:য়ে লৃগাঙৰ
মূৰং ঘৰ সাজিবৰ বাবে মাংগলিক আৰু পৰম্পৰাগত বাবে লাইখুটা স্থাপন কৰা দেখা গৈছে ।