অসমৰ ধুবুৰী জিলাৰ এজন ২১ বছৰীয়া যুৱক ৰাহুল পাৰেকে ইলেক্ট্ৰনিক আৱৰ্জনা সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছে বিভিন্ন প্ৰতিকৃতি। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বলীউডৰ খিলাড়ী অক্ষয় কুমাৰৰ দৰে চেলিব্ৰেটিৰ প্ৰতিকৃতি ইলেক্ট্ৰনিক আৱৰ্জনা সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছে ধুবুৰীৰ এই যুৱকজনে।
উল্লেখ্য যে তেওঁ ভঙা কেলকুলেটৰ, মহ মৰা ৰেকেট, পেলনীয়া লেম্প, নিষ্ক্ৰিয় মাডাৰবোৰ্ড, এলইডি লাইট, ডিচপোজেবল প্লেট, আনকি পুৰণি ৰেডিঅ’ ব্যৱহাৰ কৰি তৈয়াৰ কৰে এইসমূহ প্ৰতিকৃতি। ইপিনে কিছুদিন পূৰ্বে পাৰেকে ক্ৰিকেটাৰ বিৰাট কোহলীক সাক্ষাৎ কৰি তেওঁৰ এখন প্ৰতিকৃতি উপহাৰো দিছিল।
এই সন্দৰ্ভত পাৰেকে কয়-“মই ইলেক্ট্ৰনিক্স আৱৰ্জনাৰ ওপৰত সজাগতা সৃষ্টি কৰিব বিচাৰোঁ। বৰ্তমান মই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি আছো।”