দৰিদ্ৰতা এক অভিশাপ হৈ পৰিল ধুবুৰী জিলাৰ এগৰাকী শিক্ষিত যুৱতীৰ বাবে ৷
৩০ বছৰীয়া ৰঞ্জনা দাস নামৰ যুৱতীগৰাকী একমাত্ৰ দৰিদ্ৰতাৰ বোজা সহিব নোৱাৰী আত্মহত্যাৰ দৰে জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’লে।
ধুবুৰী জিলাৰ চাপৰৰ এইগৰাকী উচ্চ শিক্ষিত যুৱতী ৰঞ্জনা দাসে বিগত প্ৰায় এটা বছৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত বুলি সন্দেহ প্ৰকাশ কৰি নিজে মানসিকভাৱে দুৰ্বল কৰি তুলিছিল ৷
পিতৃহাৰা ৰঞ্জনা দাসক মাতৃয়ে ৰঞ্জনাৰ চিকিৎসা অব্যাহত ৰাখিছিল যদিও দুখীয়া মাতৃ আৰু সৰু ভাই-ভনীৰ কষ্ট সহিব নোৱাৰী চলিত বৰ্ষৰ ২ জানুৱাৰী তাৰিখে মাজনিশা ৰঞ্জনা দাস ঘৰৰ পৰা ওলাই যায়।
চলিত বৰ্ষৰ ৩ জানুৱাৰীৰ ৰাতিপূৱা ৰঞ্জনাক ঘৰত নেদেখি পৰিয়ালে ছ’চিয়েল মিডিয়া ‘ফেচবুক’-ত ৰঞ্জনা দাস নিখোজ হোৱা বুলি এক বাৰ্তা প্ৰচাৰ কৰিছিল ৷
লগতে ৰঞ্জনাৰ পৰিয়ালে চাপৰ আৰক্ষীৰ ওচৰতো সহায় বিচাৰিছিল ৷
অৱশেষত সকলোকে হতবাক কৰি বৃহস্পতিবাৰে দুপৰীয়া ৰঞ্জনা দাসৰ মৃতদেহ চুবুৰীয়াৰ ঘৰত চিপ লগাই থকা স্থানীয় ৰাইজে প্ৰত্যেক্ষ কৰে ৷
সম্প্ৰতি চাপৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে ধুবুৰী চিকিৎসালৈ প্ৰেৰণ কৰিছে ।
আমাৰ সমাজত এনেকুৱা কিমান গৰাকী ৰঞ্জনাই অকালতে নিজক মৃত্যুৰ দৰে চৰম সিদ্ধান্ত বাছি ল’বলৈ বাধ্য কৰাইছে একমাত্ৰ দৰিদ্ৰতাৰ বোজা সহিব নোবোৰী …,
এয়া বৰ্তমান সময়ত এক চিন্তনীয় বিষয় হৈ পৰিছে ৷