ৰাইজৰ দল আৰু অখিল গগৈৰ অভিযোগ সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সাংসদ প্রদ্যুৎ বৰদলৈয়ে।
ৰাইজৰ দলে কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা।
অখিল গগৈক অভিমণ্যু সজাব বিচাৰিছে আৰু কংগ্রেছৰ ওপৰত নির্বাচনী ফল ঘোষণাৰ পূর্বে মিছা অভিযোগ জাপি দিছে।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ভূমিষ্ঠ হোৱাৰ পূর্বেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰস্তাৱ দিছিল যে,
লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে য’তেই নির্বাচন খেলিব তাত কংগ্রেছে প্রার্থী নিদিয়ে।
দল দুটা গঠন হোৱাৰ পিছতো আমি সমভাবাপন্ন, সমগোত্রীয় দলসমূহ একত্রিত হোৱাৰ বাবে পুনৰ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ প্রতি আহবান জনাইছিল ৷
কিন্তু আমাৰ এই সদ্ভাৱক ৰাইজৰ দলে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷
AIUDFক সাম্প্রদায়িক বুলি দোহাই দি ৰাইজৰ দল মহাজোঁটত অন্তৰ্ভুক্ত নহ’ল।
অখিল গগৈৰ অভিযোগৰ প্রত্যুত্তৰ দি প্রদ্যুৎ বৰদলৈয়ে কয় যে, কোনো ধৰণৰ আত্মবিশ্লেষণ নকৰাকৈ, কোনো যুক্তি নথকাকৈ অখিল গগৈয়ে ৩০টা সমষ্টি বিচাৰি কংগ্রেছৰ ওচৰত তালিকা দিছিল ৷
অতিৰিক্ত ১০টা সমষ্টিত কংগ্রেছৰ বিৰুদ্ধে মুকলি প্রতিযোগিতা কৰিব বুলিও দাবী কৰিছিল ৷
সেই সমষ্টিসমূহৰ ভিতৰত বহুকেইটা কংগ্রেছৰ দখলত আছিল ৷
অবাস্তৱ, আঁকোৰগোজ, অযুক্তিকৰ দাবী লৈ এহাতে ৰাইজৰ দলে মিত্রতা কৰিব বিচাৰিছিল,আনহাতে বাহিৰত সংবাদমেল পাতি কংগ্রেছক অস্পৃশ্য আখ্যা দিছিল ৷
ৰাইজৰ দলৰ কথা, চিন্তা আৰু কামৰ মাজত তফাৎ থকা বাবেই কংগ্রেছে আন্তৰিকতাৰে বিচৰা সত্ত্বেও মিত্রতা নহ’ল বুলি আজি প্রত্যুত্তৰ দিয়ে প্রদ্যুৎ বৰদলৈয়ে ৷
কংগ্রেছে ৰাইজৰ দলক ৪০টা সমষ্টি এৰি দিব বুলি ভবাটো ভুল ৷
ৰাইজৰ দলৰ কোনো প্রতিনিধিয়ে তেওঁৰ ওচৰলৈ যোৱা নাছিল তেওঁলোকে কি কুকুৰৰ কথা কৈছে৷
‘মোৰ পোহনীয়া কুকুৰটোৰ মৃত্যু হৈছিল এবছৰ পূর্বে, ৰাইজৰ দল তেতিয়া জন্মই হোৱা নাই ৷
অবান্তৰ, হাস্যকৰ কিছুমান কথা তেওঁলোকে কৈছে ৷’- কুকুৰৰ মৃত্যু হোৱাৰ বাবে ৰাইজৰ দলক সাক্ষাৎ নকৰাৰ প্ৰশ্ন সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰে প্রদ্যুৎ বৰদলৈয়ে ৷
উল্লেখযোগ্য যে বুধবাৰে এখন পত্রযোগে অখিল গগৈয়ে আৰু ৰাইজৰ দলে কংগ্রেছ তথা মহাজোঁটৰ অংশীদাৰী দলৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনিছিল ৷
কংগ্রেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে ৰাইজৰ দলে বিজেপিৰ সুৰত সুৰ মিলাই কোৱাটো সঠিক নহয়৷
‘নির্বাচনৰ ফল ঘোষণাৰ ৩ দিনৰ আগত তেওঁলোকে কিয় এই অভিযোগ আনিছে বুজি পোৱা নাই ৷
Photo: Google