আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।
এই কথা ঘোষণা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই।
বঢ়হমপুৰ সমষ্টিৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তই অগপৰ হৈ টিকট লাভ কৰা নাছিল, যাৰ বাবে এইটো ধাৰণা কৰা হৈছিল যে অগপ (প্ৰগতিশীল)ৰ পৰা নিৰ্বাচন খেলিব মহন্তই।
কিন্তু এতিয়া পত্নীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে পত্নী জয়শ্ৰী গোস্বামী মহন্তই এই কথাও প্ৰকাশ কৰে,
দিল্লীৰ পৰা হিন্দী ভাষাত ঘোষণা কৰা হয় কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচন খেলিব।
এয়া টকাৰ লেনদেন। টকাৰ বিনিময়ত সমগ্ৰ জাতিক বন্ধকত থৈ আসন বিক্ৰী কৰিছে।
Photo: Google