মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তিস্থলীত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৯তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্ৰ সন্থাই খগেন গগৈক এই বঁটা প্ৰদান কৰে।
বঁটা গ্ৰহণ কৰি শিল্পী গগৈয়ে প্ৰতিমা পাণ্ডে বৰুৱাৰ সৈতে কটোৱা সুমধুৰ স্মৃতি বৰ্ণনা কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাক বঁটাটিৰ বাবে তেওঁক যোগ্য বিবেচিত কৰাত কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য যে ২০০৭ চনৰ পৰা ২০২০ চনলৈ এই বঁটা প্ৰাপক লোককৃষ্টিৰ সাধকসকল হৈছে ক্ৰমে বিমল মালী, সীতানাথ ৰায়, তুলসী নেওগ ওজা, ফুলকুমাৰী কলিতা, শুক্ৰাচাৰ্য্য ৰাভা, ড° অনিল শইকীয়া, মুহিবুৰ ৰহমান, জয়াচৰন বাথাৰী, দীপক কুমাৰ পাম, স্নেহলতা দাস, চন্দ্ৰ ছিং ক্ৰ, শম্ভু ৰাভা, বিনোদ সনাল আৰু পবিত্ৰ ৰাভা।