হিমালয় পৰ্বতমালাকে ধৰি দেশৰ সীমান্তত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ বাবে ১৯৬০ চনৰ ৭ মে’ত ভাৰত চৰকাৰে গঠন কৰিছিল সীমান্ত পথ সংগঠন (বি আৰ অ )। গঠন হোৱাৰে পৰা বি আৰ অই পাকিস্তান, চীন, ভূটান, ম্যানমাৰকে ধৰি ভাৰতৰ সীমন্তবৰ্তী অঞ্চলৰ শেষ প্ৰান্তলৈ যাতে আমাৰ সেনাই শূণ্য ডিগ্ৰীৰ তাপমাত্ৰাৰ তলত, যিকোনো বতৰতে, যিকোনো সময়তে যান – বাহন লৈ অহা – যোৱা কৰিব পাৰে, শত্ৰুপক্ষৰ গতিবিধি লক্ষ্য কৰিব পাৰে তেনে ধৰণৰ পথ নিৰ্মাণ কৰা কাৰ্যত ব্ৰতী হৈ আছে বি আৰ অই। এই মন্তব্য বি আৰ অৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) প্ৰবীণ কুমাৰ হনুমন্ত সিঙৰ। আজি গুৱাহাটীৰ লংকেশ্বৰস্থিত পূৱ মণ্ডল মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বি আৰ অৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে এ ডি জি প্ৰবীণ কুমাৰ হনুমন্ত সিঙে। অনুষ্ঠানত এ ডি জি সিঙে কয় বি আৰ অই দেশৰ লগতে ভূটান, আফগানিস্তান আদি দেশতো বাট – পথ , দলং, সুৰংগ, হেলিপেড আদি নিৰ্মাণ কৰি সুখ্যাতি অৰ্জন কৰিছে।
বৰ্তমান দেশৰ ১৯ খন ৰাজ্যত বি আৰ অৰ কাম – কাজ বিস্তৃত হৈছে। সময়ৰ লগত খাপ খুৱাই শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰে বি আৰ অই শূণ্য ডিগ্ৰীৰ তাপমাত্ৰাৰ বহু তলত বাট – পথ, দলং, সুৰংগ, হেলিপেড আদি নিৰ্মাণ কৰি দেশমাতৃক সেৱা আগবঢ়াই অহা বাবে বাহিনীটোৰ অভিযন্তা, সকলো কৰ্মীকে প্ৰতিষ্ঠা দিৱসৰ দিনটোত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো বুলি এ ডি জি সিঙে ব্যক্ত কৰে। আনহাতে অনুষ্ঠানত এইবেলি গণৰাজ্য দিৱসত কৰ্তব্যৰ সময়ত প্ৰদৰ্শন কৰা উৎকৃষ্ট আৰু কৃতিত্বপূৰ্ণ সেৱাৰ বাবে বি আৰ অৰ সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশংসা পত্ৰ লাভ কৰা পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত কৰ্মৰত দুই নিষ্ঠাবান কৰ্মী ক্ৰমে – ১৬২৮ পায়নিয়াৰ কোম্পানীৰ কাজী চাজিবুৰ ৰহমান আৰু ১৬০৪ পায়নিয়াৰ কোম্পানীৰ ভূপেন্দৰ সিঙক পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে এ ডি জি সিঙে। অনুষ্ঠানৰ বি আৰ অৰ পূৱ মণ্ডল মুখ্য কাৰ্যালয়ৰ সকলো অভিযন্তা , বিষয়া আৰু কৰ্মী তথা জোৱান সকল উপস্থিত থাকে। উল্লেখ্য যে এইবেলি কৰ্মক্ষেত্ৰত প্ৰদৰ্শন কৰা উৎকৃষ্ট আৰু কৃতিত্বপূৰ্ণ সেৱাৰ বাবে পূৱ মণ্ডলৰ অধীনৰ বিভিন্ন প্ৰকল্প ক্ৰমে – ভৰ্তক, পুষ্পক, অৰুণাক, ব্ৰহ্মাক, সেৱক, স্বস্তিক, উদয়ক, ই এছ ডব্লিউ আৰু আৰ এণ্ড ডিৰ মুঠ ৩১ জন কৰ্মী তথা জোৱান গণৰাজ্য দিৱসত বি আৰ অৰ সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশংসা পত্ৰ লাভ কৰিছিল।