অভিনেতা যতীন বৰা, ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতি, স্থপতিবিদ ৰাণা মহন্ত আৰু নিৰ্মাণ তথা হোটেল ব্যৱসায়ী মৃগাংক হাজৰিকাই গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ স্থাপত্য, নিৰ্মাণ সামগ্ৰী, ডিজাইন আৰু কনষ্ট্ৰাকশ্যন- বিএআইচি প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ কথা আজি এক সংবাদমেল যোগে ঘোষণা কৰে।
চলিত বৰ্ষৰ ৯, ১০ আৰু ১১ আগষ্টত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া এই বিশাল প্ৰদৰ্শনীখনে ভাৰতৰ শীৰ্ষ স্থপতিবিদ, নিৰ্মাণ সামগ্ৰীৰ কোম্পানী আৰু ডিলাৰ, ডিজাইনাৰ, নিৰ্মাতা, পৰামৰ্শদাতা, অভিযন্তা, প্ৰকল্প প্ৰৱন্ধক আৰু চৰকাৰী বিষয়াসকলক একত্ৰিত কৰিব।
প্ৰদৰ্শনীখনৰ বিষয়ে উৎসাহ প্ৰকাশ কৰি বিএআইচিৰ প্ৰতিষ্ঠাপক নেহা মালহোত্ৰাই কয় যে, দুটা দশক ধৰি প্ৰদৰ্শনী উদ্যোগত কাম কৰাৰ পিছত, সবাতোকৈ উন্নত সহযোগিতাৰ বাবে সৰ্বশ্ৰেষ্ঠসকলক একত্ৰিত কৰাই তেওঁলোকৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য।
উত্তৰ-পূৰ্বাঞ্চলে দীৰ্ঘদিন ধৰি একেখন মঞ্চৰ অধীনত বহুমুখী সমাধান বিচাৰি আহিছে আৰু এই সামূহিক প্ৰচেষ্টাই নিঃসন্দেহে ইয়াৰ সৈতে জড়িত সকলোৰে বাবে অপৰিসীম সুবিধা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে বিএআইচি -ৰ প্ৰতিষ্ঠাপক মালক্ষ্মী সিনহা (মিলি)ই।
অভিনেতা যতীন বৰাই নিজকে স্থাপত্য, নিৰ্মাণ সামগ্ৰী আৰু ডিজাইনৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠসকলক একত্ৰিত কৰা এক অনুষ্ঠানৰ অংশ হ’বলৈ পায় আনন্দিত হোৱাৰ কথা কোৱাৰ লগতে এই প্ৰদৰ্শনীখন কেৱল এক প্ৰদৰ্শনী নহয়, বৰং এয়া সৃষ্টিশীল বিনিময় আৰু উদ্ভাৱনৰ বাবে প্ৰস্তুত কৰা এখন মঞ্চ বুলি তেওঁ কয়। এয়া অংশগ্ৰহণকাৰী আৰু দৰ্শনাৰ্থী উভয়ৰে বাবে এক অনন্য অভিজ্ঞতা হ’ব, সহযোগিতা বৃদ্ধি কৰিব আৰু উদ্যোগটোত সৃজনশীলতাই সকলো সীমা অতিক্ৰম কৰি আকাশ চুব বুলিও অভিনেতাজনে আশা প্ৰকাশ কৰে।