নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰিবলৈ পুনৰ সংসদীয় কমিটীয়ে তিনি মাহৰ অতিৰিক্ত সময় প্ৰদান কৰিছে গৃহ মন্ত্ৰণালয়ক। উল্লেখ্য যে এয়া দ্বিতীয়বাৰৰ বাবে বিধি প্ৰস্তুত কৰিবলৈ মন্ত্ৰণালয়ক অতিৰিক্ত সময় প্ৰদান কৰিছে সংসদীয় কমিটীয়ে।
বিগত ৯ এপ্ৰিলত কমিটীয়ে বিধি প্ৰস্তুতৰ সময়সীমা হিচাপে নিৰ্দ্ধাৰণ কৰিছিল ৯ জুলাইৰ দিনটো।কিন্তু ক’ভিড সৃষ্ট অচলাৱস্থাৰ বাবে গৃহ মন্ত্ৰণালয়ে অতিৰিক্ত সময় বিচাৰি যোৱা মাহত সংসদীয় কমিটীৰ ওচৰত আবেদন দাখিল কৰিছিল।
অৱশ্যে তিনিমাহৰ অতিৰিক্ত সময় লাভ কৰিলেও গৃহ মন্ত্ৰণালয়ে এমাহৰ ভিতৰতে বিধি প্ৰস্তুতৰ কাম সম্পূৰ্ণ কৰি তুলিব পাৰিব বুলি বিশেষ সূত্ৰত প্ৰকাশ।
ইফালে বিধি প্ৰস্তুত হোৱাৰ পূৰ্বেই শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ তৎপৰতা আৰম্ভ কৰিছে কেন্দ্ৰই। ইতিমধ্যেই দেশৰ ৫ খন ৰাজ্যৰ ১৩ খনকৈ জিলাৰ শৰণাৰ্থীৰ পৰা নাগৰিকত্বৰ বাবে আবেদন আহ্বানো কৰা হৈছে।