পশ্চিম গুৱাহাটীৰ গড়ল বৰুৱাপাৰা নবীন যুৱক দৌল কমিটিয়ে বিগত বছৰৰ দৰে এইবেলিও অহা ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপনৰ আয়োজন কৰিছে। ১৭ মাৰ্চৰ সন্ধিয়া সায়ং অধিবাসৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত ১৮ মাৰ্চৰ পুৱা ৮.৩০ বজাত জলযাত্ৰা, ১০ বজাত ঘট স্থাপন আৰু পূজা আৰম্ভ হ’ব। দুপৰীয়া ১২ বজাত ফল্গুদান, বিয়লি ১ বজাত পূৰ্ণাহুতি আৰু শান্তি, নিশা ৭ বজাৰ বেজেৰা শালমাৰাৰ সীমা কুমাৰৰ দলে নাগাৰা নাম পৰিবেশন কৰিব। ১৯ মাৰ্চ তৃতীয় তথা শেহৰ দিনা পুৱা ৯.৩০ বজাত গোঁসাই লৈ গাঁও সংকীৰ্তন কৰা হব। সন্ধিয়া ৬ বজাত নলবাৰীৰ মা যশদা দলে নাগাৰা নাম পৰিবেশন কৰিব।
আনহাতে দৌল উৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপন কৰিবলৈ সমাজকর্মী দ্বীপেন কুমাৰ বৰুৱাক সভাপতি, বীৰেন্দ্ৰ কুমাৰ দাসক উপ সভাপতি, মুকুট বৰুৱা আৰু বিশ্ব বৰুৱাক সাধাৰণ সম্পাদক, দিগন্ত শৰ্মা, যতীন্দ্ৰ কুমাৰ মেধি আৰু পবিত্ৰ দাসক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। উদ্যোক্তা সকলে দৌল উৎসৱৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে।