তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিবলগীয়া দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৬ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সেয়েহে তেজপুৰ বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেশৱ মহন্তৰ লগতে বুধবাৰে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰে মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী অধীক্ষক ভাস্কৰজ্যোতি মহন্তই। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰী তথা শীৰ্ষ বিষয়াসকলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,অধ্যাপক বিনোদ কুমাৰ জৈনৰ উপস্থিতিত বিশ্ববিদ্যালয়খনত ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিব লগীয়া কাৰ্যসূচীৰ প্ৰস্তুতিপৰ্বৰ পৰ্যালোচনা কৰে।
অহা ২৬ ফেব্ৰুৱাৰীৰ আগবেলা আয়োজিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ঊনবিংশতিতম দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশৰ সাংবিধানিক মূৰব্বীগৰাকীক তেজপুৰৰ এই কাৰ্যসূচীলৈ আদৰণিৰ বাবে প্ৰশাসনৰ সহযোগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা চলোৱা প্ৰস্তুতিৰ লগতে ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ ক্ষেত্ৰত জড়িত থকা প্ৰট’কল বিষয়ক দিশসমূহকলৈও স্বাস্থ্যমন্ত্ৰী, মুখ্যসচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে চৰকাৰী বিষয়াবৰ্গ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত খুটি-নাটি মাৰি আলোচনা কৰাৰ লগতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিষ্ণুই, আৰক্ষী উপ-মহাপৰিদৰ্শক, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে বিশ্ববিদ্যালয় চৌহদত সাজু কৰা হেলিপেড, বিশ্ৰাম কক্ষ আদিৰ ব্যৱস্থাৱলীও পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক কেতবোৰ দিশত প্ৰয়োজনীয় দিহা দিয়ে। উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক কেবিনেটে ৰাষ্ট্ৰপতিগৰাকীৰ ‘প্ৰতীক্ষাৰত মন্ত্ৰী’ৰ দায়িত্ব প্ৰদান কৰিছে।