গুৱাহাটীত উপস্থিত হৈ আপ্লুত হৈ পৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ নৃত্য গীতেৰে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে, বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ আহি থকা অৱস্থাত ৰাষ্ট্ৰপতিগৰকীয়ে দুবাৰকৈ গাড়ীৰ পৰা নামি ৰাইজক অভিবাদন জনায় ।
কটকটীয়া বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰলৈ লৈ যোৱা হয় । কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে ।
কামাখ্যা মন্দিৰত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
ইপিনে বিয়লি ৫ বাজি ৩০ মিনিটৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ৰাষ্ট্ৰপতিগৰাকী কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । সেই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলি আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব ।