দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে। পুৱা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ মা কামাখ্যা মন্দিৰত দৰ্শন কৰি দুপৰীয়াৰ কইনাধৰাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিয়লি ৫.৪৫ বজাত শংকৰদেৱ কলাক্ষেত্ৰত জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে আয়োজিত সভাত উপস্থিত হৈ তাৰ পৰাই ভাৰচুৱেলভাৱে যোৰহাটৰ টীয়কৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈডাম প্ৰাংগণত ৫০ বিঘা ভূমিত লাচিত বৰফুকন মৈডাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বুৰঞ্জীবিদ দয়ানন্দ বুঢ়াগোহাঁই, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ সকলো বিষয় ববীয়াসকল। ইয়াৰ পাছতেই সমগ্ৰ যোৰহাটবাসীৰ লগতে হোলোঙাপাৰ বাসী উৎফুল্লিত হৈ পৰিছে। লগতে জাতীয় বীৰ গৰাকীলৈ চৰকাৰে দেখুওৱা সন্মানক সকলোৱে একেষাৰে শলাগ লৈছে।