অগপৰ এক সংবাদমেলত এই কথা প্ৰকাশ কৰিছে অগপৰ সভাপতি অতুল বৰাই।
সোমবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদমেল।
এই সংবাদমেলত মন্ত্ৰী অতুল বৰাই কয় যে পূৰ্বতকৈ অধিক আসনেৰে মিত্ৰজোঁটৰ চৰকাৰ হব।
বহাগৰ বতৰত অসমবাসীয়ে নতুন চৰকাৰ পাব।
লগতে কয় যে একাংশ দলে প্ৰাৰ্থী সকলক বাহিৰলৈ পঠিয়াইছে অতি দুৰ্ভাগ্যজনক।
অসমবাসীক গেৰাণ্টি দিয়া সকলে এতিয়া কি গেৰাণ্টি দিব ? নিজৰ প্ৰাৰ্থীৰ ওপৰতে বিশ্বাস নাই।
সংবাদমেলত অতুল বৰাই দাবী কৰে যে ৰাইজৰ চৰকাৰ হব,ৰাইজৰ বাবে হব।
Photo Credit :Headline8