মাহৰ আৰম্ভণিতে পুনৰ ৰাইজৰ মূৰত মাধমাৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
মাৰ্চৰ প্ৰথমটো দিনতে ২৫ টকা বৃদ্ধি হ’ল ৰন্ধন গেছৰ। ৪দিনত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।
উল্লেখ্য যে প্ৰতিটো মাহৰে প্ৰথমটো দিন আৰু ১৫ তাৰিখে ৰন্ধন গেছৰ মূল্য সালসলনি কৰা হয়। কিন্তু এইবাৰ মাত্ৰ ৪ দিনৰ পিছতে পুনৰ বৃদ্ধি পালে মূল্য।
বৰ্তমান ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ মূল্য ৮৪৩ টকা হোৱাৰ বিপৰীতে ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য ১৬০০ টকাৰো ওপৰত।
Photo: Google