দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ বাবে ৱাশ্বিংটনত উপস্থিত হয়৷ প্ৰধানমন্ত্ৰীয়ে আমেৰিকালৈ যাত্ৰা কৰা সময়ত বিমানত কটোৱা মূহূৰ্তৰ এখন ফটো তেওঁৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰে৷ ফটোখনত প্ৰধানমন্ত্ৰীয়ে অসমৰ জাতীয় জীৱনৰ পৰিচয় গামোচাখন ডিঙিত লৈ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ কাম কৰা পৰিলক্ষিত হয়৷
বুধবাৰে পুৱাই তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীক সংগ দিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ লগতে এটি উচ্চস্তৰীয় প্ৰতিনিধিৰ দলে৷ বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংলাই মঙলবাৰে এক সংবাদমেলযোগে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিবলৈ দিছিল৷
বৈদেশিক সচিব শৃংলাই সংবাদমেলত কৈছিল, তিনিদিনীয়া এই ভ্ৰমণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি জ’বাইডেনৰ সৈতে দ্বি-পাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ‘কোৱাড’ৰ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব৷ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ‘ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা’ৰ বৈঠক সম্বোধন কৰিব৷ ভ্ৰমণৰ প্ৰথমটো দিনতে প্ৰধানমন্ত্ৰীয়ে জ’বাইডেনৰ দ্বাৰা আয়োজিত ক’ভিড-১৯ ৰ বৈশ্বিক শিখৰ সন্মিলনত ভাগ ল’ব৷
২৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে দ্বি-পাক্ষিক বৈঠকত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ সন্দৰ্ভত পৰ্যালোচনা কৰিব৷ এই বৈঠকত দুয়ো দেশৰ মাজত গ্ল’বেল পাৰ্টনাৰশ্বিপক আগুৱাই নিয়া, ব্যৱসায়, সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ দিশটো মজবুত কৰা সন্দৰ্ভত আলোচনা কৰিব বুলি আশা কৰা হৈছে৷