ৰাজ্যৰ এজন বিশিষ্ট উদ্যোগী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একান্ত অনুগামী নবীন চন্দ্ৰ বৰাই তেওঁৰ গুৱাহাটীৰ জালুকবাৰী বাছ আস্থানৰ গাতে লগা নৰেন্দ্ৰ মোদী কম্পলেক্সত প্ৰায় ছয় কঠা অতি মূল্যবান মাটিত নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ ২৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ এটা বিশাল প্ৰতিমূৰ্ত্তি। প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ কৰিব গুজৰাটৰ নৰ্মদা নদীৰ পাৰত দেশৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বিখ্যাত এল এণ্ড টি নামৰ কোম্পানীটোৱে। প্ৰায় ২০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ সম্পুৰ্ণ কৰাৰ বাবে দুই বছৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
আনহাতে আজি দিনৰ ভাগত বহু বিশিষ্ট লোকৰ উপস্থিতিত প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰাৰ বাবে তিনিদিনিয়াকৈ ভূমি পূজন পৰ্ব আৰম্ভ হৈছে। মাংগলিক কাৰ্যৰ মাজেৰে ভূমি পূজন পৰ্ব আৰম্ভ কৰে নবীন চন্দ্ৰ বৰাই। ভূমি পূজন পৰ্বত পুৰোহিত হিচাপে সহযোগিতা আগবঢ়াই ক্ৰমে – মঙ্গলদৈৰ কুলেন্দ্ৰ দেৱশৰ্মা, টিহুৰ মৃণাল দেৱশৰ্মা, গুৱাহাটীৰ ৰূপনগৰৰ বেদ বিদ্যালয়ৰ অভিজিত গাংগুলী, পৱিত্ৰ শৰ্মা আৰু কানাহ অধিকাৰী, বাগসা জিলাৰ ভোলাগিৰী সেৱা আশ্ৰমৰ সন্ন্যাসী হৃনন্দগিৰী মহাৰাজে।
নবীন চন্দ্ৰ বৰাই এটা ন্যাসৰ পৰিচালনাত প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ সকলো কাম – কাজ আৰম্ভ হোৱাৰ লগতে পৰৱৰ্তী সময়ত সেই পৱিত্ৰ স্থান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ হব বুলি আশা ব্যক্ত কৰে।