মেৰিন ইঞ্জিনযুক্ত যাত্ৰীবাহী ফেৰী সমূহৰ বাহিৰে সকলো ব্যক্তিগত ফেৰীৰ চলাচল বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কামকাজ পৰ্যালোচনাৰ বাবে এক বৈঠকত মিলিত হয় আৰু সেই বৈঠকতে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ আনহাতে, যোৰহাট আৰু মাজুলীৰ মাজত এতিয়াৰে পৰা দুখন ৰ’পেক্সকে ধৰি ছখন চৰকাৰী ফেৰীয়ে সেৱা আগবঢ়াব৷
বৈঠকত মুখ্যমন্ত্ৰীয়ে এই ঘোষণাও কৰে যে, আগন্তুক খৰালিত মাজুলী-যোৰহাট নদীপথচোৱাৰ খনন কৰা হ’ব। মাজুলী আৰু যোৰহাটৰ মাজত চলাচল কৰা সৰ্বমুঠ ১৯ খন বেচৰকাৰী ফেৰীত সম্পূৰ্ণ চৰকাৰী খৰচত অহা ছমাহৰ ভিতৰত মেৰিন ইঞ্জিন সংযোজন কৰা হ’ব৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, ফেৰীসমূহৰ আগমন আৰু প্ৰস্থানৰ সময়ত মাজুলী আৰু যোৰহাট জিলাৰ প্ৰতিখনৰে এগৰাকীকৈ দণ্ডাধীশক গতিবিধি নিৰীক্ষণ কৰাৰ বাবে দায়িত্ব দিয়া হ’ব৷ সকলো যাত্ৰীৰ নাম, ঠিকনা, ফোন নম্বৰ যাত্ৰাৰ পূৰ্বেই লিপিবদ্ধ কৰিব লাগিব৷