আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে নিৰ্বাচনত বিজয় সাব্যস্ত কৰিবলৈ জোৰদাৰ চলাই আছে প্ৰচাৰ অভিযান।
ইয়াৰ মাজতে কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী আহিব অসম ভ্ৰমণলৈ আৰু ইয়াতে কেইবাখনো জনসভা সম্বোধন কৰিব।
অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে অসম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২১ মাৰ্চৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিব।
অসমত প্ৰিয়ংকা গান্ধীয়ে ৬খন জনসভা সম্বোধন কৰিব।
উল্লেখযোগ্য যে, পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল।
অসমৰ নিৰ্বাচনী বিশ্লেষকে প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি আখ্যা দিছে।
বিশেষকৈ প্ৰিয়ংকা গান্ধী অসমৰ মহিলাসকল আৰু চাহ-বাগিচাৰ শ্ৰমিকসকলৰ মাজত যথেষ্ট জনপ্ৰিয়।
কংগ্ৰেছ মহাসচিবগৰাকীয়ে যোৰহাট, নাজিৰা, খুমটাই, সৰুপথাৰ, নগাঁওসহ প্ৰায় ৬খন জনসভা সম্বোধন কৰিব।
Photo: Google