বাজেট অধিৱেশনৰ ষষ্ঠ দিনটোত উত্তৰ প্ৰদেশত জোৰ কৰি ধৰ্ম পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিবলৈ এণ্টি লভ জেহাদ বিধেয়কখন বিধান পৰিষদত গৃহীত কৰা হ’ল।
ইয়াৰ পিছতে সদনত বিৰোধী দলে তীব্ৰ বিৰোধিতাৰ সৃষ্টি কৰে।
যোগী আদিত্যনাথ চৰকাৰে ৰাজ্যত ধৰ্ম পৰিৱৰ্তনৰ ঘটনা ৰোধ কৰিবলৈ এই চুক্তি প্ৰস্তুত কৰিছিল।
বাজেটৰ পূৰ্বে কেবিনেট বৈঠকত উত্তৰ প্ৰদেশ বিধি বিৰোধিতা ধৰ্ম পৰিৱৰ্তন প্ৰতিষেধ অধ্যাদেশৰ প্ৰস্তাৱো গৃহীত কৰিছিল।
কি কয় নিয়মে
দৰাচলতে উত্তৰ প্ৰদেশত ধৰ্ম পৰিৱৰ্তনৰ নিয়ম পূৰ্বেই হৈ উঠিছে।
কিন্তু, পূৰ্বে অধ্যাদেশখন আনি বিলখন অনুমতি দিয়া হৈছিল আৰু পিছত ৰাজ্যপালৰ অনুমতিৰ পিছত এইখনক আইন হিচাপে গৃহীত কৰা হ’ল।
কিন্তু, অধ্যাদেশৰ নিয়মৰ আধাৰত চৰকাৰে ৬ মাহৰ ভিতৰত সদনত বিলখন দাখিল কৰি প্ৰস্তাৱ গৃহীত কৰোৱা হয়।
উত্তৰ প্ৰদেশৰ দুয়োখন সদনতে ধৰ্ম পৰিৱৰ্তনৰ বিধেয়ক ২০২১ত গৃহীত কৰা হৈছে।
শাস্তি আৰু জৰিমণাৰ নিয়ম-নীতি
বুধবাৰে বাজেট অধিৱেশনত ধৰ্ম পৰিৱৰ্তন বিধেয়ক ২০২১ক বিধানসভাত গৃহীত কৰাৰ পিছত বৃহস্পতিবাৰে ইয়াক বিধান পৰিষদতো এইখনক গৃহীত কৰা হ’ল।
এই আইনৰ আধাৰত জোৰ কৰি ধৰ্ম পৰিৱৰ্তন কৰোৱা সকলক ১ বছৰৰ পৰা আৰম্ভ কৰি ১০ বছৰলৈ শাস্তি প্ৰদান কৰাৰ লগতে প্ৰায় ৫ লাখ টকাৰো জৰিমণা বিহা হ’ব।
লোকতন্ত্ৰৰ হত্যা কৰি আছে বিজপিয়ে
বিধান পৰিষদত ‘এণ্টি লভ জেহাদ’ বিধেয়ক গৃহীত হোৱাৰ পিছত ছপা এমএলচি ৰাজেন্দ্ৰ চৌধুৰীয়ে মন্তব্য প্ৰদান কৰে যে বিজেপিৰ লোকসকলে লোকতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত বিশ্বাস নকৰে।
বিজেপিয়ে দৈনন্দিন লোকতন্ত্ৰৰ হত্যা কৰি আছে।
তেওঁ ক’লে যে বিধান পৰিষদত পুনৰবাৰ লোকতন্ত্ৰৰ হত্যা কৰা হ’ল।
Photo: Google