বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অসমৰ বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাই শেষ নিশ্বাস ত্যাগ কৰে।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মী নন্দন বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ।
বিশিষ্ট লেখকগৰাকীয়ে ‘কায়াকল্প’ আৰু ‘পাতাল ভৈৰৱী’কে ধৰি বহুকেইখন উপন্যাস লিখিছিল।
তেওঁ সাহিত্য অকাডেমী বঁটা আৰু সৰস্বতী সন্মান লাভ কৰিছিল। লক্ষ্মীনন্দন বৰাক ২০১৫ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল।
জন্ম:- বিশিষ্ট লেখক গৰাকীয়ে জন্মগ্ৰহণ কৰিছিল ১৯৩২ চনৰ ১৫ জুনত নগাঁও জিলাৰ হাতীচুঙত।
শিক্ষা:- নগাঁও উচ্চ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি পৰৱৰ্ত্তী সময়ত পূৰ্বৰ কটন কলেজৰ (বৰ্তমান কটন বিশ্ববিদ্যালয়) পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ কলকাতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ত বতৰ বিজ্ঞানত ডক্টৰেট অধ্যয়ন কৰিছিল।লক্ষ্মীনন্দন বৰা বিশ্ববিদ্যালয়ৰ দ্বাৰা বতৰ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী ব্যক্তি আছিল।
প্ৰথম চুটিগল্প- ভাওনা (১৯৫৪) ৰামধেনু আলোচনীত প্ৰকাশ পাইছিল।
প্ৰথম খন কিতাপ- দৃষ্টিৰূপা (১৯৫৮)
প্ৰথম খন উপন্যাস- গঞা চিলনীৰ পাখি(১৯৬৩)
এই মহান মহীয়সী গৰাকীৰ বিয়োগত সমগ্ৰ অসম তথা শিল্পী সমাজে গভীৰ শোক প্ৰকাশ কৰিছে।
হেডলাইন৮ৰ তৰফৰ পৰা বিশিষ্ট সাহিত্যিক গৰাকীলৈ যাঁচিছো সহস্ৰ শ্ৰদ্ধাঞ্জলি।