অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াক ৭ ছেপ্তেম্বৰৰ নিশা কমাৰ্ছৰ ‘ফেট বেলী’ নামৰ ৰেষ্টোৰেন্টখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ তথ্য সংগ্ৰহৰ বাবে যাঁওতে দুৰ্বৃত্তই আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে তিনিটা দুৰ্বৃত্তক প্ৰথম অৱস্থাত আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত চানমাৰি আৰক্ষীয়ে ভুক্তভোগী বনজিৎ ঠাকুৰীয়াৰ বিৰুদ্ধেহে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।
নিশা আৰক্ষীয়ে আটক তিনি আক্ৰমণকাৰীয়ে পুৱা চানমাৰি আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে সাংবাদিক বনজিৎ ঠাকুৰীয়াকহে গ্ৰেপ্তাৰ কৰে। ইফালে চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈয়ে বনজিৎ ঠাকুৰীয়াক অগ্নিকাণ্ডস্থলীলৈ গৈ কিয় প্ৰশ্ন কৰিব বুলি অদ্ভুত প্ৰশ্ন কৰি সাংবাদিকগৰাকীক উক্ত ঘটনাৰ বাবে জগৰীয়া কৰে। এইদৰে সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ খৰ্ব কৰা চানমাৰি আৰক্ষী থানাৰা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ সাংবাদিকসকল একত্ৰিত হৈছে।
সাংবাদিক বনজিৎ ঠাকুৰীয়াক ন্যায় প্ৰদান আৰু চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শনিবাৰে সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত ৰাজ্যৰ কেইবাটাও সাংবাদিক সংগঠন, জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিকে বনজিৎ ঠাকুৰীয়াৰ ন্যায় বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এই কাৰ্যসূচীত বিভিন্ন সংবাদ গোষ্ঠীৰ সাংবাদিকে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে।