অসমীয়া জাতিৰ হিয়াৰ আমঠু, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ শেষ ঠিকনা জালুকবাৰীৰ সমাধিক্ষেত্ৰ চৌহদ বিগত ২৬ দিন ধৰি বন্ধ হৈ থকাত দৈনিক শ শ দৰ্শনাৰ্থী উভতি যাবলগীয়া হৈছে। ফলত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে সমাধিক্ষেত্ৰ চৌহদ পুনৰ খোলাৰ দাবীত ৰবিবাৰে বিয়লি বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভা আৰু ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ যুটীয়া উদ্যোগত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত দুই ঘণ্টাযোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত ভাগ লোৱা সকলোৱে হাতে হাতে বেনাৰ, প্লে- কাৰ্ড লৈ শীঘ্ৰে সমাধিক্ষেত্ৰ চৌহদ পুনৰ ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিবলৈ দাবী জনায়।
আনহাতে কাৰ্যসূচীত বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি হৃষিকেশ দাস, সহকাৰী সম্পাদক বিমলজ্যোতি মালাকাৰ, বিকি বিশ্বাস,সদস্য আদিত দাস, গাড়ীগাঁও শাখা সাহিত্য সভাৰ সভাপতি লাইলা বেগম ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ উপ সভাপতি শ্রীমন্ত দাস,চিদ্দিক আলী ঠাকুৰীয়া, বাহাৰুল ইছলাম ,ৰমেশ বৰা, ৰমেশ মালীকে ধৰি বৃহত্তৰ জালুকবাৰী অঞ্চলৰ ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে ২৫ এপ্ৰিলৰ সন্ধিয়া সমাধিক্ষেত্ৰ চৌহদ দৰ্শন কৰি থকা অৱস্থাতে পাণ্ডু অঞ্চলৰ এজন চেমনীয়া পানীৰ ফোৱাৰাত হাত দিওতেই বিদ্যুৎপুষ্ট হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল। ফলত অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই সেই দিন ধৰি মেৰামতিৰ নামত সমাধিক্ষেত্ৰ চৌহদ বন্ধ কৰি ৰাখিছে।