আজি সুন্দৰম এন জি অ’, সন্মিলিত সাংস্কৃতিক গোষ্ঠী আৰু বিশ্ববাহু ফাউণ্ডেচনৰ উদ্যোগত নগাওঁ বেবেজীয়া অঞ্চলত শিবিৰ পাতি থকা বানাক্ৰান্ত প্ৰায় তিনিশতাধিক লোকক খাদ্যসামগ্ৰী আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰে৷ ডাঃ মানস প্ৰতীম দাস, জীৱন বৰা আদিৰ পৃষ্ঠপোষকতা বানাক্ৰান্ত লোকৰ মাজত গৈ ভাৱ বিনিময় কৰাৰ লগতে কিছু পৰিমানৰ সাহায্য প্ৰদান কৰা হয়। উল্লেখ্য যে বিশ্ববাহু ফাউণ্ডেচন আৰু সন্মিলিত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত প্ৰায়ে বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰি সাধাৰণ ৰাইজক সাহাৰ্য প্ৰদান কৰি আহিছে।