পুণেত এগৰাকী স্থানীয় ক্ৰিকেটাৰ হৃদৰোগত আক্ৰান্ত হৈ পিটচতে কৰুণ মৃ্ত্যুক সাৱটে।
দৰাচলতে, ঘটনাটো সংঘটিত হৈছে পুণেৰ গ্ৰামীণ জুন্নৰ এলেকাত।
বুধবাৰে ময়ুৰ চচক ক্ৰিকেট টুৰ্ণামেণ্ট মেচ চলি আছিল।
সেই সময়তে অঝোৰ টীমৰ হৈ খেলি থকা পিটচৰ আনটোফালে থকা বাবু নলাবৰে নামৰ যুৱকজন হঠাতে পিটচত বাগৰি পৰে।
पुणे : जाधववाडी (ता. जुन्नर) येथे स्थानिक क्रिकेट स्पर्धेत खेळताना महेश उर्फ बाबु विठ्ठल नलावडे (वय ४७,रा.धोलवड, ता. जुन्नर) या खेळाडूचा मृत्यू झाला. फलंदाजीसाठी मैदानात असतानाच हृदयविकाराच्या तीव्र झटका आल्याने महेश मृत्युमुखी पडला. #pune #Cricket #PuneNews pic.twitter.com/8pa4wfK5nJ
— SakalMedia (@SakalMediaNews) February 17, 2021
আম্পায়াৰে প্ৰথমে ভাবিলে যে বাবুই আৰাম কৰি আছে, কিন্তু কেইটামান ছেকেণ্ডৰ ভিতৰতে বাবু অচেতন হৈ পৰে।
ইয়াৰ পিছত নলাবৰেক এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু তাতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
Photo: Google